লেহ, ১২ নৱেম্বৰ: লাদাখৰ লেহ জিলা প্ৰশাসনে পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোনম ৱাংচুকৰ বিৰুদ্ধে ৬০ দিনৰ নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১৬৩ নম্বৰ ধাৰা প্ৰয়োগ কৰি এই নিৰ্দেশ জাৰি কৰা হৈছে।

নিৰ্দেশ অনুসৰি, অহা ৬০ দিনলৈ ৱাংচুকে লেহ জিলাত কোনো অননুমোদিত মিছিল, জমায়েত বা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। জনশান্তি ভংগ কৰিব পৰা অথবা নিৰ্বাচনী প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পৰা কাৰ্যসূচীৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব।

প্ৰশাসনিক সূত্ৰই জনোৱা মতে, আৰক্ষী বিষয়াসকলে জনতাক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল। আৰক্ষীৰ অভিযোগ অনুসৰি, অতীতত ৱাংচুকৰ কেইবাটাও কাৰ্যসূচীত জনতাক উচটনি দিয়াৰ চেষ্টা চলিছিল আৰু ইয়াৰ ফলত জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত হৈছিল।

প্ৰশাসনে আশংকা প্ৰকাশ কৰিছে যে ৱাংচুকে ভৱিষ্যতে প্ৰতিবাদ, অনশন বা জনসমাৱেশত অংশগ্ৰহণ কৰিলে অঞ্চলটোৰ শান্তি-শৃংখলা পুনৰ বিঘ্নিত হ'ব পাৰে। লগতে আগন্তুক পৌৰসভা, পঞ্চায়ত আৰু লাদাখ অটোনমাছ হিল ডেভেলপমেণ্ট কাউন্সিলৰ নিৰ্বাচনী প্ৰক্ৰিয়াও প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে।

প্ৰশাসনে জনাইছে যে ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু লাদাখৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ অনুসৰি জিলাখনত ইতিমধ্যে আদৰ্শ আচৰণবিধি বলৱৎ আছে। নিৰ্দেশনাখন তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে আৰু আইনীভাৱে প্ৰত্যাহাৰ বা সংশোধন নকৰালৈকে ৬০ দিনলৈ বলৱৎ থাকিব।

আগন্তুক ২১ নৱেম্বৰত লাদাখত পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। আনহাতে, ৪ ডিচেম্বৰত হিল কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। হাড় কঁপোৱা শীত আৰু তুষাৰপাতৰ সময়ত লাদাখৰ প্ৰায় আধা লোক অন্য ৰাজ্যলৈ গুচি যায় বুলি উল্লেখ কৰি ৱাংচুক আৰু স্থানীয় নেতৃত্বই নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী জনাই আহিছে। শেহতীয়াকৈ লেহৰ এটা প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে ৱাংচুকক আঁতৰাই দিয়াৰ পিছতে এই নিষেধাজ্ঞা জাৰি কৰা হয়।