নাগৰিকত্ব সংশোধনী আইন (CAA) কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰিলে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
গুৱাহাটী, ১৩ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (CAA)ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা (AASU)।
ড° ভট্টাচাৰ্যই কয় যে অসমে ‘কা’ বিচৰা নাছিল, বৰঞ্চ ৰাজ্যখনৰ বাবে সাংবিধানিক সুৰক্ষা বিচাৰিছিল।
তেওঁৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ দৰে ইনাৰ লাইন পাৰ্মিট (ILP) ব্যৱস্থা থকা ৰাজ্যসমূহত ‘কা’ প্ৰযোজ্য নহয়।
ড° ভট্টাচাৰ্যই লগতে কয় যে অসমৰ ৩৫খন জিলাৰ ভিতৰত আঠখন জিলাত ‘কা’ প্ৰযোজ্য নহয়।
newznow.in