গুৱাহাটী, ১৩ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (CAA)ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা (AASU)। ‘কা’ কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমত আইনখন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে।

ড° ভট্টাচাৰ্যই কয় যে অসমে ‘কা’ বিচৰা নাছিল, বৰঞ্চ ৰাজ্যখনৰ বাবে সাংবিধানিক সুৰক্ষা বিচাৰিছিল। কেন্দ্ৰীয় চৰকাৰে অসমত এই আইন জাপি দি ৰাজ্যখনৰ প্ৰতি গুৰুতৰ অন্যায় কৰা বুলি অভিযোগ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।

তেওঁৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ দৰে ইনাৰ লাইন পাৰ্মিট (ILP) ব্যৱস্থা থকা ৰাজ্যসমূহত ‘কা’ প্ৰযোজ্য নহয়। একেদৰে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত মেঘালয়ৰ ৯৮ শতাংশ অঞ্চল আৰু ত্ৰিপুৰাৰ ৭০ শতাংশ অঞ্চলতো আইনখন প্ৰযোজ্য নহয় বুলি তেওঁ উল্লেখ কৰে।

ড° ভট্টাচাৰ্যই লগতে কয় যে অসমৰ ৩৫খন জিলাৰ ভিতৰত আঠখন জিলাত ‘কা’ প্ৰযোজ্য নহয়। তেনেক্ষেত্ৰত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা থকা ৰাজ্য আৰু অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাসমূহৰ বাবে আইনখন ক্ষতিকাৰক বুলি বিবেচিত হ’লে অসমৰ বাকী জিলাসমূহৰ বাবে কেনেকৈ গ্ৰহণযোগ্য হ’ব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে তেওঁ।

অসমৰ বাকী ২৮খন জিলাৰ পৰাও ‘কা’ প্ৰত্যাহাৰৰ দাবী জনাই ড° ভট্টাচাৰ্যই কয় যে সাংবিধানিক সুৰক্ষা ৰাইজৰ অধিকাৰ, চৰকাৰৰ অনুগ্ৰহ নহয়। এই সুৰক্ষাই অসমৰ ভাষা, সংস্কৃতি, ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনক লৈ অসমত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে। আছুৱে আইনখনৰ বিৰোধিতা কৰি আহিছে আৰু অসম চুক্তিৰ আধাৰত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সাংবিধানিক সুৰক্ষাৰ দাবী উত্থাপন কৰি আহিছে।