ভুৱা আলফা ধন দাবীপত্ৰ প্ৰচাৰ কৰি ব্যৱসায়ীসকলৰ মাজত আতংক সৃষ্টিৰ অভিযোগত মৃদুপৱন বৰা ওৰফে বেঙেনাক গ্ৰেপ্তাৰ কৰিছে চৰাইদেউ আৰক্ষীয়ে।
নামতোলা, ১৩ নৱেম্বৰ: ভুৱা আলফা (স্বাধীন)ৰ ধন দাবীপত্ৰ প্ৰচাৰ আৰু বিতৰণ কৰি ব্যৱসায়ীসকলৰ মাজত আতংক সৃষ্টিৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে মৃদুপৱন বৰা ওৰফে বেঙেনা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।
নিৰ্দিষ্ট তথ্য আৰু অন্যান্য চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে।
তেওঁৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে এটা ৩২ ব’ৰ পিষ্টল, পাঁচজাঁই সজীৱ গুলী, তিনিটা খালী কাৰ্টিজৰ খোলা আৰু কেইবাখনো সন্দেহজনক নথি জব্দ কৰে।
আৰক্ষীৰ মতে, অনুজ্ঞাপত্ৰখনৰ ম্যাদ ২০২৩ চনতে উকলি যোৱাৰ পিছতো পিষ্টলটো আৰক্ষীৰ ওচৰত জমা দিয়া হোৱা নাছিল।
newznow.in