নামতোলা, ১৩ নৱেম্বৰ: ভুৱা আলফা (স্বাধীন)ৰ ধন দাবীপত্ৰ প্ৰচাৰ আৰু বিতৰণ কৰি ব্যৱসায়ীসকলৰ মাজত আতংক সৃষ্টিৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে মৃদুপৱন বৰা ওৰফে বেঙেনা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁ নামতোলা হাটীকেম্পৰ বাসিন্দা।

নিৰ্দিষ্ট তথ্য আৰু অন্যান্য চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, অঞ্চলটোৰ ব্যৱসায়ীসকলৰ মাজত ভয়-আতংক সৃষ্টি কৰাৰ লগতে শান্তি-নিৰাপত্তাৰ পৰিৱেশ বিঘ্নিত কৰাৰ উদ্দেশ্যে ভুৱা ধন দাবীপত্ৰ প্ৰচাৰৰ সৈতে তেওঁ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে।

তেওঁৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে এটা ৩২ ব’ৰ পিষ্টল, পাঁচজাঁই সজীৱ গুলী, তিনিটা খালী কাৰ্টিজৰ খোলা আৰু কেইবাখনো সন্দেহজনক নথি জব্দ কৰে। তালাচীৰ সময়ত নাগালেণ্ড চৰকাৰে প্ৰদান কৰা অস্ত্ৰৰ এখন অনুজ্ঞাপত্ৰও উদ্ধাৰ হয়।

আৰক্ষীৰ মতে, অনুজ্ঞাপত্ৰখনৰ ম্যাদ ২০২৩ চনতে উকলি যোৱাৰ পিছতো পিষ্টলটো আৰক্ষীৰ ওচৰত জমা দিয়া হোৱা নাছিল। তদন্তত পিষ্টলটোৰে তিনিজাঁই গুলী চলোৱা হৈছিল যদিও এই সন্দৰ্ভত কোনো আৰক্ষী থানাত তথ্য অৱগত কৰা হোৱা নাছিল বুলিও পোহৰলৈ আহিছে।

চৰকাৰী বাহনৰ বিভিন্ন যন্ত্ৰাংশ চুৰিৰ ঘটনাৰ সৈতেও বৰা জড়িত থকাৰ তথ্য লাভ কৰা বুলি আৰক্ষীয়ে জনাইছে। এজন গেৰেজ মেকানিক আৰু এজন ব্যক্তিগত বাহনৰ চালকৰ সৈতে মিলি তেওঁ চৰকাৰী বাহনৰ যন্ত্ৰাংশ চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। আন কেতবোৰ অবৈধ কাৰ্যকলাপৰ সৈতেও তেওঁৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে তেওঁৰ মোবাইল ফোনো জব্দ কৰিছে। ধন দাবীৰ সৈতে সম্পৰ্কিত কেইবাখনো আপত্তিজনক নথি উদ্ধাৰ কৰাৰ কথা জনাই আৰক্ষীয়ে কয় যে, নথিসমূহ তেওঁ সম্পাদনা কৰি প্ৰচাৰ আৰু প্ৰকাশৰ বাবে প্ৰস্তুত কৰিছিল। ঘটনাটোৰ সৈতে জড়িত আন ব্যক্তিসকলৰ পৰিচয়, সম্পূৰ্ণ নেটৱৰ্ক আৰু অবৈধ কাৰ্যকলাপৰ পৰিসৰ উদঘাটনৰ বাবে আৰক্ষীয়ে বিশদ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ ভিত্তিত পৰৱৰ্তী আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে জনায়।