নগাঁওৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত ১৭-১৮ অক্টোবৰৰ উচ্ছেদ অভিযানত ৫৬৩টা পৰিয়াল জড়িত আছিল বুলি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনাইছে।
নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানক লৈ বাংলাদেশ জামাত-ই-ইছলামীৰ মুৰব্বী শ্বফিকুৰ ৰহমানৰ দাবী খণ্ডন কৰিছে অসম চৰকাৰৰ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
২৫ অক্টোবৰত সামাজিক মাধ্যমত দিয়া পোষ্টত মল্লবৰুৱাই স্পষ্ট কৰে যে অভিযানটো ৩১৪ হেক্টৰ অধিসূচিত বনভূমিত চলোৱা হৈছিল।
ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত শ্বফিকুৰ ৰহমানে উচ্ছেদক লৈ উদ্বেগ প্ৰকাশ কৰি ১০টা মছজিদ ভাঙি পেলোৱাৰ অভিযোগো উত্থাপন কৰিছিল।
মল্লবৰুৱাই দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়েই উচ্ছেদ প্ৰক্ৰিয়া চলোৱা হৈছিল।
newznow.in