নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানক লৈ বাংলাদেশ জামাত-ই-ইছলামীৰ মুৰব্বী শ্বফিকুৰ ৰহমানৰ দাবী খণ্ডন কৰিছে অসম চৰকাৰৰ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰীগৰাকীৰ মতে, ১৭ আৰু ১৮ অক্টোবৰত চলোৱা অভিযানত ৫৬৩টা পৰিয়ালহে জড়িত আছিল; দুদিনতে ১১০০ৰো অধিক পৰিয়াল উচ্ছেদ কৰা বুলি কৰা দাবী ‘অসম্পূৰ্ণ আৰু বিভ্ৰান্তিকৰ’।

২৫ অক্টোবৰত সামাজিক মাধ্যমত দিয়া পোষ্টত মল্লবৰুৱাই স্পষ্ট কৰে যে অভিযানটো ৩১৪ হেক্টৰ অধিসূচিত বনভূমিত চলোৱা হৈছিল। তেওঁৰ দাবী, এই পদক্ষেপ কোনো ধৰ্ম বা সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হোৱা নাছিল।

ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত শ্বফিকুৰ ৰহমানে উচ্ছেদক লৈ উদ্বেগ প্ৰকাশ কৰি ১০টা মছজিদ ভাঙি পেলোৱাৰ অভিযোগো উত্থাপন কৰিছিল। ইয়াৰে কিছুমান ৫০ বছৰতকৈও পুৰণি বুলি তেওঁ দাবী কৰিছিল।

মল্লবৰুৱাই দাবী কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়েই উচ্ছেদ প্ৰক্ৰিয়া চলোৱা হৈছিল। তেওঁৰ মতে, ১০ ফেব্ৰুৱাৰী, ২০২৬-ৰ নিৰ্দেশৰ লগতে উচ্ছেদৰ বিৰুদ্ধে দাখিল কৰা বিশেষ অনুমতি আবেদনসমূহ ২ ছেপ্টেম্বৰত নিষ্পত্তি কৰা হৈছিল।

‘বৰ্ষা-বানৰ পিছতহে অভিযান’

মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, উচ্ছেদৰ বহু আগতেই জাননী জাৰি কৰা হৈছিল আৰু বাসিন্দাসকলক ঘৰ এৰি সামগ্ৰী আঁতৰোৱাৰ সময় দিয়া হৈছিল। বৰ্ষা আৰু বানপানীৰ সময়ত পৰিয়ালসমূহে যাতে অধিক দুৰ্ভোগ ভুগিবলগীয়া নহয়, তাৰ বাবে সেই সময়ছোৱা পাৰ হোৱালৈকে অপেক্ষা কৰা হৈছিল বুলিও তেওঁ কয়।

উচ্ছেদৰ পিছত উদ্ধাৰ হোৱা বনভূমিত থলুৱা প্ৰজাতিৰ গছ ৰোপণ কৰি বনাঞ্চল পুনৰুদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়। বিশেষকৈ হাতীৰ বাসস্থান পুনৰুজ্জীৱিত কৰা আৰু মানুহ-হাতীৰ সংঘাত হ্ৰাস কৰাত গুৰুত্ব দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে।