দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰৰ গোলাঘাটত মাজনিশা সংঘটিত আক্ৰমণত দুই নাবালক ভাতৃৰ মৃত্যু হৈছে।
শ্ৰীভূমি, ১৩ নৱেম্বৰ: শ্ৰীভূমি জিলাৰ দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰৰ গোলাঘাটত মাজনিশা সংঘটিত এক আক্ৰমণত দুই নাবালক ভাতৃৰ মৃত্যু হৈছে।
নিহত দুয়োজন হৈছে জাহাংগীৰ হুছেইন (৮) আৰু আলম উদ্দিন (৭)।
এই ঘটনাত তেওঁলোকৰ পিতৃ খলিল উদ্দিন, মাতৃ আলিয়া বেগম আৰু আন এজন ভাতৃ আলতাফ হুছেইন গুৰুতৰভাৱে আহত হৈছে।
ফাৰুক আহমেদ নামৰ এজন যুৱকৰ বিৰুদ্ধে দুই ভাতৃক হত্যা কৰাৰ লগতে পৰিয়ালটোৰ আন তিনিজন সদস্যৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
newznow.in