শ্ৰীভূমি, ১৩ নৱেম্বৰ: শ্ৰীভূমি জিলাৰ দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰৰ গোলাঘাটত মাজনিশা সংঘটিত এক আক্ৰমণত দুই নাবালক ভাতৃৰ মৃত্যু হৈছে।
নিহত দুয়োজন হৈছে জাহাংগীৰ হুছেইন (৮) আৰু আলম উদ্দিন (৭)।
এই ঘটনাত তেওঁলোকৰ পিতৃ খলিল উদ্দিন, মাতৃ আলিয়া বেগম আৰু আন এজন ভাতৃ আলতাফ হুছেইন গুৰুতৰভাৱে আহত হৈছে। আহত তিনিওজনকে সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
ফাৰুক আহমেদ নামৰ এজন যুৱকৰ বিৰুদ্ধে দুই ভাতৃক হত্যা কৰাৰ লগতে পৰিয়ালটোৰ আন তিনিজন সদস্যৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ পিছতে নিশাই নিলামবজাৰ আৰক্ষীয়ে অভিযুক্ত ফাৰুক আহমেদক আটক কৰে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ প্ৰাৰম্ভিক সন্দেহ অনুসৰি, নিচাসক্ত অৱস্থাত পাৰিবাৰিক কন্দলৰ পৰিণতিত এই ঘটনা সংঘটিত হ'ব পাৰে। অৱশ্যে তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট হ'ব।