প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফোন টেপ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি মুখামুখি ৰাজহুৱা বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে।
নতুন দিল্লী, ১৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ফোন টেপিঙৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখামুখি ৰাজহুৱা বিতৰ্কৰ বাবে পুনৰ প্ৰত্যাহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে।
সংসদত কৃষি আইন, ভোট চুৰি, বিশেষ সংশোধন (এছআইআৰ), চীন আৰু জেনেৰেল এম এম নাৰাৱাণেৰ গ্ৰন্থকে ধৰি কেইবাটাও বিষয়ত তেওঁক কথা ক'বলৈ দিয়া হোৱা নাই বুলিও অভিযোগ কৰে ৰাহুল গান্ধীয়ে।
আনহাতে, বিজেপি নেতাসকলে সংসদকেই বিতৰ্কৰ উপযুক্ত মঞ্চ বুলি উল্লেখ কৰি আহিছে।
newznow.in