নতুন দিল্লী, ১৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ফোন টেপিঙৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শুকুৰবাৰে ইনষ্টাগ্ৰামৰ এক প্ৰশ্নোত্তৰ অনুষ্ঠানত তেওঁ এই দাবী কৰে।
“মোৰ সকলো অভিযোগৰ প্ৰমাণ মোৰ ফোনত আছে। প্ৰধানমন্ত্ৰীয়ে জানে, কাৰণ তেওঁ মোৰ ফোন টেপ কৰাইছে।”
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখামুখি ৰাজহুৱা বিতৰ্কৰ বাবে পুনৰ প্ৰত্যাহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে। এনে বিতৰ্ক হ'লে কোনে বিদেশী শক্তিৰ নিৰ্দেশত কাম কৰিছে আৰু কোন দেশবিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত, সেয়া স্পষ্ট হ'ব বুলি তেওঁ কয়।
সংসদত কৃষি আইন, ভোট চুৰি, বিশেষ সংশোধন (এছআইআৰ), চীন আৰু জেনেৰেল এম এম নাৰাৱাণেৰ গ্ৰন্থকে ধৰি কেইবাটাও বিষয়ত তেওঁক কথা ক'বলৈ দিয়া হোৱা নাই বুলিও অভিযোগ কৰে ৰাহুল গান্ধীয়ে। সংসদত দীঘলীয়া ভাষণ দিয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়া বিতৰ্ক বিচাৰে বুলি তেওঁ জনায়।
আনহাতে, বিজেপি নেতাসকলে সংসদকেই বিতৰ্কৰ উপযুক্ত মঞ্চ বুলি উল্লেখ কৰি আহিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও ৰাহুল গান্ধীৰ বিতৰ্কৰ প্ৰত্যাহ্বান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।