দুটা গুলীচালনাৰ ঘটনাত পৃথক ধৰণৰ বিবৃতি প্ৰকাশ কৰাৰ অভিযোগ তুলি মণিপুৰ আৰক্ষীৰ পৰা স্পষ্টীকৰণ আৰু সংশোধনীমূলক ব্যৱস্থাৰ দাবী জনাইছে কুকি ইনপিয়ে।
গুৱাহাটী, ১৩ নৱেম্বৰ: মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে জনগোষ্ঠীগত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কুকি জনগোষ্ঠীৰ শীৰ্ষ সংগঠন কুকি ইনপি মণিপুৰে আৰক্ষীক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিছে।
১৩ নৱেম্বৰত প্ৰকাশ কৰা এক বিবৃতিত কুকি ইনপিয়ে ১২ নৱেম্বৰত সংঘটিত দুটা পৃথক গুলীচালনাৰ ঘটনাক লৈ মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতিৰ ভাষা আৰু উপস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰে।
সংগঠনটোৰ অভিযোগ অনুসৰি, ধান চপাই থকা অৱস্থাত গুলীবিদ্ধ হৈ নিহত হৈছিল ৪০ বছৰীয়া কুকি মহিলা কিমেনেইং চংলোই।
ইয়াৰ বিপৰীতে, একে দিনাই গুলীত আহত হোৱা এগৰাকী টাংখুল নগা সাধাৰণ নাগৰিকৰ ঘটনাক লৈ আৰক্ষীয়ে প্ৰকাশ কৰা আন এটা বিবৃতিত আক্ৰমণকাৰীসকলক ‘সন্দেহযুক্ত কুকি সশস্ত্ৰ দুৰ্বৃত্ত’ বুলি উল্লেখ কৰা…
newznow.in