গুৱাহাটী, ১৩ নৱেম্বৰ: মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে জনগোষ্ঠীগত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কুকি জনগোষ্ঠীৰ শীৰ্ষ সংগঠন কুকি ইনপি মণিপুৰে আৰক্ষীক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিছে। অভিযোগৰ তদন্ত, ৰাজহুৱা স্পষ্টীকৰণ আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৱে।

১৩ নৱেম্বৰত প্ৰকাশ কৰা এক বিবৃতিত কুকি ইনপিয়ে ১২ নৱেম্বৰত সংঘটিত দুটা পৃথক গুলীচালনাৰ ঘটনাক লৈ মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতিৰ ভাষা আৰু উপস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰে।

সংগঠনটোৰ অভিযোগ অনুসৰি, ধান চপাই থকা অৱস্থাত গুলীবিদ্ধ হৈ নিহত হৈছিল ৪০ বছৰীয়া কুকি মহিলা কিমেনেইং চংলোই। এই ঘটনাক আৰক্ষীয়ে কেৱল ‘গুলীচালনাৰ ঘটনা’ বুলি উল্লেখ কৰিছিল আৰু গুলীচালনাত জড়িত লোকসকলৰ পৰিচয় বা পৰিচয়-সম্পৰ্কীয় কোনো বৰ্ণনা দিয়া নাছিল বুলি কুকি ইনপিয়ে দাবী কৰে।

ইয়াৰ বিপৰীতে, একে দিনাই গুলীত আহত হোৱা এগৰাকী টাংখুল নগা সাধাৰণ নাগৰিকৰ ঘটনাক লৈ আৰক্ষীয়ে প্ৰকাশ কৰা আন এটা বিবৃতিত আক্ৰমণকাৰীসকলক ‘সন্দেহযুক্ত কুকি সশস্ত্ৰ দুৰ্বৃত্ত’ বুলি উল্লেখ কৰা হৈছিল বুলি সংগঠনটোৱে অভিযোগ কৰে।

দুয়োটা ঘটনাত পৃথক ভাষা ব্যৱহাৰৰ ভিত্তি কি, সেই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে কুকি ইনপিয়ে। দ্বিতীয়টো ঘটনাত সন্দেহযুক্ত আক্ৰমণকাৰীসকলক চিনাক্ত বা গ্ৰেপ্তাৰ কৰা হৈছে নে নাই আৰু গুলীচালনা ‘লুংটেৰ পাহাৰ’ৰ পৰা কৰা হৈছিল নেকি, সেই বিষয়েও সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে।

২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰ আৰক্ষীয়ে নিৰ্বাচিতভাৱে তথ্য উপস্থাপন কৰি আহিছে বুলি অভিযোগ কৰি সংগঠনটোৱে কয় যে, কুকি নাগৰিকৰ হত্যাকাণ্ডক অজ্ঞাত গুলীচালনাৰ ঘটনা হিচাপে উপস্থাপন কৰাৰ বিপৰীতে আন ঘটনাত অভিযুক্তৰ জনগোষ্ঠীয় পৰিচয় উল্লেখ কৰাটো পক্ষপাতিত্বমূলক।

দুয়োটা বিবৃতি প্ৰস্তুত, অনুমোদন আৰু প্ৰচাৰ কৰা আৰক্ষী বিষয়াসকলক চিনাক্ত কৰিবলৈ তাৎক্ষণিক আভ্যন্তৰীণ তদন্তৰ দাবী জনাইছে কুকি ইনপিয়ে। সংগঠনটোৱে ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদত উল্লেখ থকা আইনৰ দৃষ্টিত সমতাৰ নীতিও সোঁৱৰাই দিয়ে।

৭২ ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে আইনী আৰু সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সংগঠনটোৱে হুংকাৰ দিছে। কুকি অধ্যুষিত অঞ্চলসমূহত আৰক্ষীৰ সৈতে সহযোগিতা স্থগিত ৰখাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে। বিভিন্ন জনগোষ্ঠীৰ সাধাৰণ নাগৰিকৰ সৈতে জড়িত ঘটনাত আৰক্ষীয়ে একে ধৰণৰ, প্ৰমাণভিত্তিক আৰু নিৰপেক্ষ ভাষাৰে তথ্য প্ৰকাশ কৰিব লাগে বুলিও দাবী জনাইছে কুকি ইনপিয়ে।