১৪ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন।
দিছপুৰ, ১৩ নৱেম্বৰ: অহা ১৪ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব।
অসম বিধানসভা সচিবালয়ে জাৰি কৰা চৰকাৰী জাননী অনুসৰি, ১৪ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত দিছপুৰস্থিত বিধানসভা কক্ষত অধিৱেশনৰ প্ৰথম বৈঠক অনুষ্ঠিত হ'ব।
ষষ্ঠদশ অসম বিধানসভাৰ এয়া হ'ব তৃতীয়খন অধিৱেশন।
প্ৰাথমিক তথ্য অনুসৰি, অধিৱেশনখন চাৰি বা পাঁচ দিনীয়াকৈ চলিব পাৰে।
newznow.in