দিছপুৰ, ১৩ নৱেম্বৰ: অহা ১৪ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ষষ্ঠদশ অসম বিধানসভাৰ এই অধিৱেশন আহ্বান কৰিছে।
অসম বিধানসভা সচিবালয়ে জাৰি কৰা চৰকাৰী জাননী অনুসৰি, ১৪ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত দিছপুৰস্থিত বিধানসভা কক্ষত অধিৱেশনৰ প্ৰথম বৈঠক অনুষ্ঠিত হ'ব। ভাৰতীয় সংবিধানৰ ১৭৪ নং অনুচ্ছেদৰ ১ নং দফাই প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি ৰাজ্যপালে এই অধিৱেশন আহ্বান কৰিছে।
ষষ্ঠদশ অসম বিধানসভাৰ এয়া হ'ব তৃতীয়খন অধিৱেশন। অধিৱেশনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰিপূৰক বাজেট উত্থাপনৰ লগতে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে।
প্ৰাথমিক তথ্য অনুসৰি, অধিৱেশনখন চাৰি বা পাঁচ দিনীয়াকৈ চলিব পাৰে। অৱশ্যে অধিৱেশনৰ প্ৰকৃত সময়সীমা বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে চূড়ান্ত কৰিব।
ৰাজ্যৰ বিত্তীয় প্ৰয়োজনীয়তা, চৰকাৰৰ নীতিগত সিদ্ধান্ত আৰু বিভিন্ন বিভাগৰ প্ৰস্তাৱিত বিধেয়কসমূহক লৈ এই অধিৱেশনত বিধানসভাত আলোচনা হোৱাৰ সম্ভাৱনা আছে।