অসম

৪৬ দিনত ভৰি দিলে চিচিবৰগাঁৱৰ সমজিলা কাৰ্যালয়ৰ দাবীত আন্দোলনে

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

চিচিবৰগাঁৱত সমজিলা কাৰ্যালয় স্থাপনৰ দাবীত চলি থকা আন্দোলনে ৪৬ দিন সম্পূৰ্ণ কৰিছে।

২ / ৫

চিচিবৰগাঁও, ৪৬ দিন ধৰি সমজিলা কাৰ্যালয় স্থাপনৰ দাবীত চলি থকা ধাৰাবাহিক আন্দোলন অব্যাহত আছে।

৩ / ৫

আবেদন-নিবেদন, গায়ন-বায়ন, নাম-কীৰ্তন, ধৰ্মঘট আৰু জোঁৰ সমদলৰ পাছতো দাবী পূৰণ নোহোৱাত প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰিছে।

৪ / ৫

ধেমাজি জিলা জনজাতি জিৰণি ঘৰত অনুষ্ঠিত এক সংবাদমেলত চিচিবৰগাঁও সমজিলা কাৰ্যালয় দাবী সমিতিয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক জীৱন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে।

৫ / ৫

দাবী সমিতিয়ে কয় যে, প্ৰস্তাৱিত চিচিবৰগাঁও সমজিলাৰ ২০খন গাঁও পঞ্চায়তৰ ভিতৰত ১৫খন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ বাবে চিচিবৰগাঁও সমজিলা কাৰ্যালয় স্থাপনৰ উপযুক্ত স্থান।

৪৬ দিনত ভৰি দিলে চিচিবৰগাঁৱৰ সমজিলা কাৰ্যালয়ৰ দাবীত আন্দোলনে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক