চিচিবৰগাঁও, ৪৬ দিন ধৰি সমজিলা কাৰ্যালয় স্থাপনৰ দাবীত চলি থকা ধাৰাবাহিক আন্দোলন অব্যাহত আছে। যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা চিচিবৰগাঁওবাসীয়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

আবেদন-নিবেদন, গায়ন-বায়ন, নাম-কীৰ্তন, ধৰ্মঘট আৰু জোঁৰ সমদলৰ পাছতো দাবী পূৰণ নোহোৱাত প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰিছে।

ধেমাজি জিলা জনজাতি জিৰণি ঘৰত অনুষ্ঠিত এক সংবাদমেলত চিচিবৰগাঁও সমজিলা কাৰ্যালয় দাবী সমিতিয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক জীৱন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে। সমিতিৰ অভিযোগ, সাংসদ আৰু বিধায়কৰ ন্যস্ত স্বাৰ্থ আৰু মইমতালীৰ বাবেই প্ৰশাসনে চিচিবৰগাঁওবাসীৰ দাবীৰ প্ৰতি গুৰুত্ব দিয়া নাই।

তিনিদিনৰ ভিতৰত দাবী পূৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে সাংসদ প্ৰদান বৰুৱাৰ বাসগৃহ ঘেৰাও কৰা হ'ব বুলি আন্দোলনকাৰীসকলে হুংকাৰ দিছে।

দাবী সমিতিয়ে কয় যে, প্ৰস্তাৱিত চিচিবৰগাঁও সমজিলাৰ ২০খন গাঁও পঞ্চায়তৰ ভিতৰত ১৫খন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ বাবে চিচিবৰগাঁও সমজিলা কাৰ্যালয় স্থাপনৰ উপযুক্ত স্থান। চিচিবৰগাঁৱত ইতিমধ্যে ৰাজহ চক্ৰ কাৰ্যালয়, উন্নয়ন খণ্ডৰ কাৰ্যালয়, মৌজাদাৰৰ কাৰ্যালয়কে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় আছে বুলিও সমিতিয়ে উল্লেখ কৰে।

সংবাদমেলত ধেমাজিৰ কেইবাটাও জাতীয় সংগঠনে অংশগ্ৰহণ কৰি আন্দোলনটোৰ প্ৰতি সমৰ্থন জনায়। সংগঠনসমূহে মুখ্যমন্ত্ৰীক চিচিবৰগাঁওবাসীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিষয়টো সমাধানৰ আহ্বান জনায়।