ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰে কণ্টেইনাৰ বাহনক খুন্দা মৰাত ১০জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে।
কাজিৰঙা, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটৰ পৰা নগাঁও অভিমুখে গৈ থকা AS02 AC 6690 নম্বৰৰ ট্ৰেভেলাৰখন ৰঙাজানত KA01 AT 0977 নম্বৰৰ কণ্টেইনাৰ বাহনখনত খুন্দা মাৰে।
সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।
ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে মন্ত্ৰী অতুল বৰা ঘটনাস্থলীত উপস্থিত হয়।
newznow.in