কাজিৰঙা, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী যাত্ৰীবাহী ট্ৰেভেলাৰ এখনৰ সৈতে কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষৰ ফলত ১০জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। অৱশ্যে মৃত্যুৰ সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই।
প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটৰ পৰা নগাঁও অভিমুখে গৈ থকা AS02 AC 6690 নম্বৰৰ ট্ৰেভেলাৰখন ৰঙাজানত KA01 AT 0977 নম্বৰৰ কণ্টেইনাৰ বাহনখনত খুন্দা মাৰে। দুৰ্ঘটনাৰ সময়ত ট্ৰেভেলাৰখনত ৩৫জনতকৈ অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। যাত্ৰীসকলৰ অধিকাংশই কলেজীয়া শিক্ষাৰ্থী বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে।
সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। বাহনখনৰ ভিতৰত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰকাৰী দলে বাহনখনৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ চেষ্টা চলাইছে।
ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে মন্ত্ৰী অতুল বৰা ঘটনাস্থলীত উপস্থিত হয়। তেওঁ উদ্ধাৰ অভিযানৰ অগ্ৰগতিৰ বুজ লয়। আহতসকলক উদ্ধাৰ কৰি কঁহৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাস্থলীত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু পৰিয়ালে আপোনজনৰ সন্ধানত উদ্বিগ্নতাৰে অপেক্ষা কৰি আছে। দুৰ্ঘটনাটোৰ ফলত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
উল্লেখ্য যে, উদ্ধাৰ অভিযান অব্যাহত থকাৰ বাবে নিহত আৰু আহতৰ সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই। দুৰ্ঘটনাৰ কাৰণো তদন্তৰ পাছতহে স্পষ্ট হ’ব।