মাইক্ৰ’ছফটৰ কাৰিকৰী বিভ্ৰাটৰ প্ৰভাৱত দিল্লীৰ পৰা স্পাইচজেটৰ ৩খন বিমান বাতিল কৰা হৈছে।
বিশ্বজুৰি মাইক্ৰ’ছফটৰ বিভিন্ন সেৱাত দেখা দিয়া কাৰিকৰী বিভ্ৰাটৰ প্ৰভাৱ ভাৰতৰ বিমান সেৱাতো পৰিছে।
শুকুৰবাৰে পুৱা দিল্লীৰ পৰা পুনে, লেহ আৰু মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানকেইখন বাতিল কৰা হয়।
ইণ্ডিগ’, আকাশ এয়াৰ আৰু দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে নিজ নিজ বিমানৰ শেহতীয়া সময়সূচী আৰু অৱস্থা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।
এয়াৰ ইণ্ডিয়াই জনোৱা মতে, সংস্থাটোৱে মাইক্ৰ’ছফটৰ বিভ্ৰাটৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
newznow.in