বিশ্বজুৰি মাইক্ৰ’ছফটৰ বিভিন্ন সেৱাত দেখা দিয়া কাৰিকৰী বিভ্ৰাটৰ প্ৰভাৱ ভাৰতৰ বিমান সেৱাতো পৰিছে। বিভ্ৰাটৰ ফলত দিল্লীৰ পৰা স্পাইচজেটৰ ৩খন বিমান বাতিল কৰা হৈছে।
শুকুৰবাৰে পুৱা দিল্লীৰ পৰা পুনে, লেহ আৰু মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানকেইখন বাতিল কৰা হয়। আনহাতে, দিল্লীৰ পৰা দৰভংগা আৰু মুম্বাই অভিমুখী আন দুখন বিমানৰ যাত্ৰাতো পলম হৈছে।
ইণ্ডিগ’, আকাশ এয়াৰ আৰু দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে নিজ নিজ বিমানৰ শেহতীয়া সময়সূচী আৰু অৱস্থা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।
এয়াৰ ইণ্ডিয়াই জনোৱা মতে, সংস্থাটোৱে মাইক্ৰ’ছফটৰ বিভ্ৰাটৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। বৰ্তমানলৈকে সংস্থাটোৰ বিমান সেৱা বা যোগাযোগ ব্যৱস্থাত কোনো প্ৰভাৱ পৰা নাই।
বৃহস্পতিবাৰৰ পৰা মাইক্ৰ’ছফটৰ আউটলুক, টীমছকে ধৰি বিভিন্ন সেৱাত কাৰিকৰী সমস্যা দেখা দিছে। ফলত বহু ব্যৱহাৰকাৰীয়ে ই-মেইল আৰু বিভিন্ন এপ্লিকেচন ব্যৱহাৰত সমস্যাৰ সন্মুখীন হৈছে।
মাইক্ৰ’ছফটে জনোৱা মতে, এক্সচেঞ্জ অনলাইন আৰু ই-মেইল সেৱাৰ সমস্যাৰ বিষয়ে সংস্থাটো অৱগত। বিভ্ৰাটৰ কাৰণ নিৰ্ণয় কৰি সেৱাসমূহ স্বাভাৱিক কৰিবলৈ প্ৰতিষ্ঠানটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে।