এয়াৰটেলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুনীল ভাৰতী মিত্তলে টেলিকম আন্তঃগাঁথনিৰ ব্যয় বহনৰ বাবে প্ৰতিগৰাকী গ্ৰাহকৰ পৰা মাহে গড়ে ৩৫০ টকা উপাৰ্জন হোৱাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে।
নতুন দিল্লী, ১৩ নৱেম্বৰ: ভাৰতত মোবাইল সেৱাৰ মাচুল বৃদ্ধি কৰাৰ পোষকতা কৰিছে ভাৰতী এয়াৰটেলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুনীল ভাৰতী মিত্তলে।
বৃহস্পতিবাৰে ভাৰতী এণ্টাৰপ্ৰাইজেছৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে পিটিআইক দিয়া এক সাক্ষাৎকাৰত মিত্তলে কয় যে প্ৰায় দহ বছৰ পূৰ্বে তেওঁ মোবাইল সেৱাৰ বাবে মাহে ৩০০ টকাৰ গড় উপাৰ্জনক উপযুক্ত…
তেওঁৰ মতে, ইন্ধন, বিদ্যুৎ, কৰ্মচাৰীৰ দৰমহা আৰু প্ৰশাসনিক ব্যয় সকলো বৃদ্ধি পাইছে।
মিত্তলে কয় যে মাহে ৩৫০ টকাৰ গড় ব্যয় হিচাপ কৰিলে প্ৰতিদিনে প্ৰায় ১০ৰ পৰা ১২ টকা হয়।
newznow.in