নতুন দিল্লী, ১৩ নৱেম্বৰ: ভাৰতত মোবাইল সেৱাৰ মাচুল বৃদ্ধি কৰাৰ পোষকতা কৰিছে ভাৰতী এয়াৰটেলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুনীল ভাৰতী মিত্তলে। তেওঁৰ মতে, দেশত এজন গ্ৰাহকৰ পৰা টেলিকম কোম্পানীসমূহে মাহে গড়ে প্ৰায় ৩৫০ টকা উপাৰ্জন কৰা উচিত। বৰ্তমানৰ মাচুলে নেটৱৰ্ক পৰিচালনা আৰু নতুন আন্তঃগাঁথনি নিৰ্মাণৰ ক্ৰমবৰ্ধমান ব্যয় বহন কৰিবলৈ পৰ্যাপ্ত নহয় বুলি তেওঁ যুক্তি দিছে।

বৃহস্পতিবাৰে ভাৰতী এণ্টাৰপ্ৰাইজেছৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে পিটিআইক দিয়া এক সাক্ষাৎকাৰত মিত্তলে কয় যে প্ৰায় দহ বছৰ পূৰ্বে তেওঁ মোবাইল সেৱাৰ বাবে মাহে ৩০০ টকাৰ গড় উপাৰ্জনক উপযুক্ত বুলি অভিহিত কৰিছিল। কিন্তু মূল্যবৃদ্ধিৰ ফলত সেই পৰিমাণ এতিয়া পৰ্যাপ্ত নহয়।

তেওঁৰ মতে, ইন্ধন, বিদ্যুৎ, কৰ্মচাৰীৰ দৰমহা আৰু প্ৰশাসনিক ব্যয় সকলো বৃদ্ধি পাইছে। সেয়েহে টেলিকম উদ্যোগৰ বাবে প্ৰতিগৰাকী গ্ৰাহকৰ পৰা মাহে ৩৫০ টকাৰ গড় উপাৰ্জন প্ৰয়োজনীয় হৈ পৰিছে। অৱশ্যে এই লক্ষ্য কেতিয়া বাস্তৱায়িত হ’ব, সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট সময়সীমা তেওঁ প্ৰকাশ কৰা নাই।

মিত্তলে কয় যে মাহে ৩৫০ টকাৰ গড় ব্যয় হিচাপ কৰিলে প্ৰতিদিনে প্ৰায় ১০ৰ পৰা ১২ টকা হয়। তেওঁৰ মতে, এই পৰিমাণৰ বিনিময়ত গ্ৰাহকে বেংকিং, শিক্ষা, ইউপিআই লেনদেন, স্বাস্থ্যৰ তথ্য, চৰকাৰী সুবিধা লাভৰ লগতে সামাজিক মাধ্যম আৰু মনোৰঞ্জনৰ বিভিন্ন সেৱা ব্যৱহাৰ কৰিব পাৰে।

টেলিকম আন্তঃগাঁথনিৰ সম্প্ৰসাৰণত বৃহৎ বিনিয়োগৰ প্ৰয়োজন

ভাৰতৰ টেলিকম আন্তঃগাঁথনিৰ অভাৱৰ বিষয়টোও উত্থাপন কৰে এয়াৰটেলৰ অধ্যক্ষগৰাকীয়ে। তেওঁৰ মতে, চীনত ১০ লাখতকৈ অধিক মোবাইল টাৱাৰ থকাৰ বিপৰীতে ভাৰতত প্ৰায় ৩.৫ লাখ টাৱাৰহে আছে। দেশৰ বৰ্তমানৰ টাৱাৰৰ সংখ্যা অন্ততঃ দুগুণ কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে।

ইয়াৰ উপৰি ফাইবাৰ নেটৱৰ্ক, ছাবমেৰিন কেবল আৰু অন্যান্য ডিজিটেল আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ বাবেও বৃহৎ বিনিয়োগৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।

৫জি সেৱাৰ ক্ষেত্ৰতো টেলিকম কোম্পানীসমূহে বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰিছে। স্পেকট্ৰাম ক্ৰয় আৰু নেটৱৰ্ক নিৰ্মাণত কেইবা লাখ কোটি টকা ব্যয় কৰাৰ পাছতো ৫জিৰ পৰা আশা কৰা ধৰণৰ নতুন উপাৰ্জনৰ পথ এতিয়াও মুকলি হোৱা নাই বুলি মিত্তলে কয়।

তেওঁৰ মতে, দেশৰ ডিজিটেল অৰ্থনীতিৰ বিকাশৰ বাবে শক্তিশালী টেলিকম আন্তঃগাঁথনি অত্যন্ত প্ৰয়োজনীয়। ইউপিআই, বেংকিং, স্বাস্থ্যসেৱা, শিক্ষা আৰু ই-কমাৰ্চৰ দৰে সেৱাসমূহ টেলিকম নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে এই খণ্ডত নিৰন্তৰ বিনিয়োগ অব্যাহত ৰাখিবলৈ কোম্পানীসমূহৰ বিত্তীয় অৱস্থা শক্তিশালী হোৱা উচিত।

এয়াৰটেলৰ গ্ৰাহকপ্ৰতি উপাৰ্জন ২৭১ টকা

এয়াৰটেলৰ প্ৰকাশিত তথ্য অনুসৰি, ২০২৬ চনৰ ছেপ্টেম্বৰ ত্ৰৈমাসিকত প্ৰতিগৰাকী গ্ৰাহকৰ পৰা কোম্পানীটোৰ গড় মাহিলি উপাৰ্জন (ARPU) ২৭১ টকালৈ বৃদ্ধি পাইছে। এবছৰ পূৰ্বে এই পৰিমাণ আছিল ২৫৬ টকা। মিত্তলে প্ৰস্তাৱ কৰা ৩৫০ টকাৰ গড় উপাৰ্জনৰ লক্ষ্য বৰ্তমানৰ পৰিমাণতকৈ প্ৰায় ২৯ শতাংশ অধিক।

উল্লেখ্য যে, ভাৰতত অন্তিমবাৰৰ বাবে ২০২৪ চনৰ জুন মাহত টেলিকম সেৱাৰ মাচুল বৃদ্ধি কৰা হৈছিল। সেই সময়ত বিভিন্ন ৰিচাৰ্জ আঁচনিৰ মূল্য ১০ৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছিল।

মিত্তলে লগতে কয় যে ভাৰতত টেলিকম সেৱাৰ মাচুল এতিয়াও বিশ্বৰ বহু দেশৰ তুলনাত কম। অৱশ্যে তেওঁৰ এই মন্তব্যই ভৱিষ্যতে মোবাইল ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ সম্ভাৱনাক লৈ গ্ৰাহকৰ মাজত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।