মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলচাঙত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে।
জাগীৰোড, ১৩ নৱেম্বৰ: মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলচাঙত পুৱতিনিশা এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে।
জানিব পৰা মতে, খোলাহাট বনাঞ্চলৰ পৰা জাকৰ সৈতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহিছিল হাতীটো।
ঘটনাৰ খবৰ লাভ কৰি পুৱা ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোকসকল।
অসম আৰক্ষীৰ বিশেষ শাখাৰ লোকে মেটেল ডিটেক্টৰেৰে পৰীক্ষা কৰি হাতীটোৰ মূৰত গুলী থকাৰ কথা নিশ্চিত কৰে বুলি জানিব পৰা গৈছে।
newznow.in