জাগীৰোড, ১৩ নৱেম্বৰ: মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলচাঙত পুৱতিনিশা এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে। হাতীটোৰ মূৰত দুটাকৈ গুলীৰ চিন স্পষ্ট হোৱাৰ পিছতে চোৰাং চিকাৰীৰ গুলীত হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

জানিব পৰা মতে, খোলাহাট বনাঞ্চলৰ পৰা জাকৰ সৈতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহিছিল হাতীটো। সেই সময়তে চোৰাং চিকাৰীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ লাভ কৰি পুৱা ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোকসকল। পিছত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা চিকিৎসকৰ দলটোৱে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে।

অসম আৰক্ষীৰ বিশেষ শাখাৰ লোকে মেটেল ডিটেক্টৰেৰে পৰীক্ষা কৰি হাতীটোৰ মূৰত গুলী থকাৰ কথা নিশ্চিত কৰে বুলি জানিব পৰা গৈছে। বন বিভাগৰ লোক আৰু আৰক্ষীৰ উপস্থিতিত এই পৰীক্ষা সম্পন্ন কৰা হয়।

হাতীটোক মেঘালয়ৰ চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও হত্যাকাণ্ডৰ আঁৰৰ কাৰণ আৰু জড়িত লোকৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১২ মে'ত টোপাতলী বনাঞ্চলতো গুলীবিদ্ধ অৱস্থাত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছিল। সেই ঘটনাতো মেঘালয়ৰ চোৰাং চিকাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। শিলচাঙৰ এই ঘটনাই ৰাজ্যত বন্যহস্তীৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।