অসম

ৰঙাজান দুৰ্ঘটনাত মুখ্যমন্ত্ৰীৰ শোক, আহতসকলৰ উন্নত চিকিৎসাৰ নিৰ্দেশ

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত ২৩গৰাকীৰ মৃত্যুৰ প্ৰাথমিক তথ্য।

২ / ৫

গুৱাহাটী, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে, দুৰ্ঘটনাত আহতসকলক বিনা পলমে উন্নত চিকিৎসা প্ৰদান কৰাটো চৰকাৰৰ প্ৰথম আৰু প্ৰধান অগ্ৰাধিকাৰ।

৪ / ৫

কেবিনেট মন্ত্ৰী অতুল বৰা ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ নিজে উদ্ধাৰ তথা সাহায্য অভিযানৰ তদাৰক কৰি আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

৫ / ৫

উল্লেখ্য যে, কাজিৰঙাৰ ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

ৰঙাজান দুৰ্ঘটনাত মুখ্যমন্ত্ৰীৰ শোক, আহতসকলৰ উন্নত চিকিৎসাৰ নিৰ্দেশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক