গুৱাহাটী, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই কঠিন সময়ত অসমৰ জনসাধাৰণ তেওঁলোকৰ কাষত থকাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে, দুৰ্ঘটনাত আহতসকলক বিনা পলমে উন্নত চিকিৎসা প্ৰদান কৰাটো চৰকাৰৰ প্ৰথম আৰু প্ৰধান অগ্ৰাধিকাৰ। আহত প্ৰতিগৰাকী ব্যক্তিয়ে যাতে উপযুক্ত চিকিৎসা লাভ কৰে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক গুৰুত্ব দিবলৈ আহ্বান জনায়।
কেবিনেট মন্ত্ৰী অতুল বৰা ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ নিজে উদ্ধাৰ তথা সাহায্য অভিযানৰ তদাৰক কৰি আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, কাজিৰঙাৰ ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাথমিক তথ্য অনুসৰি, ট্ৰেভেলাৰখনত কলেজীয়া শিক্ষাৰ্থীসহ প্ৰায় ৩৫গৰাকী যাত্ৰী আছিল।
প্ৰাথমিক প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাটোত ২৩গৰাকী লোকৰ মৃত্যু হৈছে। সংকটজনক অৱস্থাত থকা ১১গৰাকী আহতক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে মৃতকৰ সঠিক সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।