ৰৌতা গ্ৰাম্য সুৰক্ষা সমিতিয়ে পৌৰসভাখন ভংগৰ দাবীত বৃহৎ অৱস্থান ধৰ্মঘট পালন কৰিছে।
ৰৌতা: পৌৰসভাখন ভংগৰ দাবীত ৰৌতা গ্ৰাম্য সুৰক্ষা সমিতিয়ে বৃহৎ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে।
সমিতিখনৰ অভিযোগ, ৰৌতাৰ সাধাৰণ ৰাইজৰ অজ্ঞাতে একাংশ মুষ্টিমেয় লোকে পৌৰসভাখন গঠন কৰিছে।
অঞ্চলটোৰ আৰ্থিক উন্নয়ন নকৰাকৈয়ে সাধাৰণ খেতিয়ক ৰাইজৰ ওপৰত পৌৰসভাৰ কৰ-কাটলৰ বোজা জাপি দিয়াৰ চেষ্টা চলিছে বুলি সমিতিখনে দাবী কৰিছে।
পৌৰসভাখন ভংগৰ দাবীত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে বুলি ৰৌতা গ্ৰাম্য সুৰক্ষা সমিতিয়ে জনাইছে।
newznow.in