ৰৌতা: পৌৰসভাখন ভংগৰ দাবীত ৰৌতা গ্ৰাম্য সুৰক্ষা সমিতিয়ে বৃহৎ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিগত তিনিমাহ পূৰ্বে গঠন হোৱা পৌৰসভাখন ভংগ কৰাৰ দাবীৰে সমিতিখনে প্ৰতিবাদ সাব্যস্ত কৰে।
সমিতিখনৰ অভিযোগ, ৰৌতাৰ সাধাৰণ ৰাইজৰ অজ্ঞাতে একাংশ মুষ্টিমেয় লোকে পৌৰসভাখন গঠন কৰিছে। পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।
অঞ্চলটোৰ আৰ্থিক উন্নয়ন নকৰাকৈয়ে সাধাৰণ খেতিয়ক ৰাইজৰ ওপৰত পৌৰসভাৰ কৰ-কাটলৰ বোজা জাপি দিয়াৰ চেষ্টা চলিছে বুলি সমিতিখনে দাবী কৰিছে। সেয়েহে অতিশীঘ্ৰে পৌৰসভাখন ভংগ কৰিবলৈ তেওঁলোকে দাবী জনায়।
পৌৰসভাখন ভংগৰ দাবীত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে বুলি ৰৌতা গ্ৰাম্য সুৰক্ষা সমিতিয়ে জনাইছে। যিকোনো স্বাৰ্থৰ বিনিময়ত হ'লেও পৌৰসভাখন ভংগ কৰাৰ হুংকাৰ দিয়ে সমিতিখনে।
ৰাইজৰ প্ৰতিবাদৰ ভাষা বুজিবলৈ চৰকাৰক আহ্বান জনাই সমিতিখনে কয় যে, অন্যথা আগন্তুক ৰৌতা পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনত শাসকীয় পক্ষই ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।