ওড়িশাৰ জাজপুৰত ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা যাত্ৰীবাহী বাছে খুন্দা মৰাত ১৬জন যাত্ৰী আহত হৈছে।
জাজপুৰ, শুকুৰবাৰ: পশ্চিমবংগৰ পৰা পুৰীলৈ যোৱা এখন যাত্ৰীবাহী বাছ ওড়িশাৰ জাজপুৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে।
দুজন আহতক উন্নত চিকিৎসাৰ বাবে কটকলৈ প্ৰেৰণ কৰা হৈছে।
জাজপুৰৰ বদাচানা থানা এলেকাত সংঘটিত এই দুৰ্ঘটনাস্থলী পুৰীৰ পৰা অন্তত ১১৫ কিলোমিটাৰ দূৰত।
প্ৰত্যক্ষদৰ্শীৰ মতে, বাছখন অতি দ্ৰুতবেগে চলি আছিল আৰু হঠাতে চালকে নিয়ন্ত্ৰণ হেৰুৱায়।
newznow.in