জাজপুৰ, শুকুৰবাৰ: পশ্চিমবংগৰ পৰা পুৰীলৈ যোৱা এখন যাত্ৰীবাহী বাছ ওড়িশাৰ জাজপুৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে। পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত বাছখনে পিছফালৰ পৰা জোৰে খুন্দা মাৰে।
বাছখনত ৫৫জন যাত্ৰী আছিল। এই দুৰ্ঘটনাত কমেও ১৬জন যাত্ৰী আহত হৈছে। আহতসকলৰ ভিতৰত ৯জনৰ অৱস্থা আশংকাজনক বুলি জানিব পৰা গৈছে।
দুজন আহতক উন্নত চিকিৎসাৰ বাবে কটকলৈ প্ৰেৰণ কৰা হৈছে। আন কেইবাজনক এম্বুলেন্সেৰে ওচৰৰ চিকিৎসালয়লৈ নিয়া হয়। ঘটনাস্থলতে কোনো কোনো যাত্ৰীক প্ৰাথমিক চিকিৎসাও দিয়া হয়।
জাজপুৰৰ বদাচানা থানা এলেকাত সংঘটিত এই দুৰ্ঘটনাস্থলী পুৰীৰ পৰা অন্তত ১১৫ কিলোমিটাৰ দূৰত। সংঘৰ্ষৰ ফলত বাছখনৰ সন্মুখভাগ দুমৰি-মুচৰি যায় আৰু ট্ৰাকখনো ক্ষতিগ্ৰস্ত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে, বাছখন অতি দ্ৰুতবেগে চলি আছিল আৰু হঠাতে চালকে নিয়ন্ত্ৰণ হেৰুৱায়। অৱশ্যে দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
দুৰ্ঘটনাৰ পাছত পথটোত দীৰ্ঘসময় যান-জঁটৰ সৃষ্টি হৈছিল যদিও পাছত পৰিস্থিতি স্বাভাৱিক হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।