দখলা উপৰহালিত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ প্ৰদূষণৰ অভিযোগত মূল গেট ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।
কুকুৰমাৰা, ১৩ নৱেম্বৰ: পলাশবাৰী সমষ্টিৰ দখলা উপৰহালিত অৱস্থিত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
উদ্যোগটোৰ পৰা নিৰ্গত বিষাক্ত দুৰ্গন্ধ আৰু পৰিৱেশ প্ৰদূষণৰ ফলত অঞ্চলটোত ভয়াৱহ জনস্বাস্থ্য সংকটৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ তোলে।
বিশেষকৈ অঞ্চলটোৰ বহুসংখ্যক কিশোৰ-কিশোৰী বিভিন্ন অচিন ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।
স্থানীয় ৰাইজে দাবী কৰা অনুসৰি, উদ্যোগটোৰ বিষাক্ত প্ৰদূষণৰ ফলতে বিগত তিনি বছৰত অঞ্চলটোত ২৮জন লোকৰ অকাল মৃত্যু হৈছে।
newznow.in