কুকুৰমাৰা, ১৩ নৱেম্বৰ: পলাশবাৰী সমষ্টিৰ দখলা উপৰহালিত অৱস্থিত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। উদ্যোগটোৰ মূল গেট ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে প্ৰদূষণ বন্ধ কৰাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
উদ্যোগটোৰ পৰা নিৰ্গত বিষাক্ত দুৰ্গন্ধ আৰু পৰিৱেশ প্ৰদূষণৰ ফলত অঞ্চলটোত ভয়াৱহ জনস্বাস্থ্য সংকটৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ তোলে। তেওঁলোকৰ মতে, অসহনীয় দুৰ্গন্ধৰ বাবে স্থানীয় লোকসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে।
বিশেষকৈ অঞ্চলটোৰ বহুসংখ্যক কিশোৰ-কিশোৰী বিভিন্ন অচিন ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।
স্থানীয় ৰাইজে দাবী কৰা অনুসৰি, উদ্যোগটোৰ বিষাক্ত প্ৰদূষণৰ ফলতে বিগত তিনি বছৰত অঞ্চলটোত ২৮জন লোকৰ অকাল মৃত্যু হৈছে। বাৰে বাৰে অভিযোগ কৰাৰ পাছতো উদ্যোগ কৰ্তৃপক্ষ আৰু প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি তেওঁলোকে ৰাজপথলৈ ওলাই আহে।
প্ৰদূষণৰ সমস্যা শীঘ্ৰে স্থায়ীভাৱে সমাধান নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি স্থানীয় ৰাইজে সকীয়াই দিয়ে।