কাজিৰঙাৰ পথ দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ'লে ৰক্তদান কৰিব সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সেনাই।
কাজিৰঙাৰ ভয়াৱহ পথ দুৰ্ঘটনাত আহত যাত্ৰীসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ'লে ৰক্তদান কৰিব সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু আৰু অসম সেনাই।
ৰাজ্যৰ আন ঠাইত আহতসকলৰ চিকিৎসা চলি থাকিলেও সংশ্লিষ্ট অঞ্চলৰ আছু কৰ্মীসকলে ৰক্তৰ যোগান ধৰিব বুলি উৎপল শৰ্মাই জনায়।
ৰঙাজানত তীব্ৰবেগী এখন ট্ৰেভেলাৰে এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাস্থলীতে প্ৰথমে ১২ জন যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল।
newznow.in