কাজিৰঙাৰ ভয়াৱহ পথ দুৰ্ঘটনাত আহত যাত্ৰীসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ'লে ৰক্তদান কৰিব সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু আৰু অসম সেনাই। আছুৰ সভাপতি উৎপল শৰ্মাই ফেচবুক প'ষ্টযোগে এই কথা ঘোষণা কৰে।
কাজিৰঙাৰ শোকাৱহ দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে তেজৰ প্ৰয়োজন হ'লে আছু আৰু অসম সেনাই ৰক্তদান কৰিব।
ৰাজ্যৰ আন ঠাইত আহতসকলৰ চিকিৎসা চলি থাকিলেও সংশ্লিষ্ট অঞ্চলৰ আছু কৰ্মীসকলে ৰক্তৰ যোগান ধৰিব বুলি উৎপল শৰ্মাই জনায়। ৰক্তদানৰ বাবে যোগাযোগৰ নম্বৰ প্ৰকাশ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
ৰঙাজানত তীব্ৰবেগী এখন ট্ৰেভেলাৰে এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। কে এ ০১ এ টি ০৯৭৭ নম্বৰৰ ট্ৰেভেলাৰখনত ৩৫ জনতকৈ অধিক যাত্ৰী আছিল। তেওঁলোকৰ মাজত কাজিৰঙা উচ্চ বিদ্যালয়ৰ শিক্ষাৰ্থীও আছিল।
দুৰ্ঘটনাস্থলীতে প্ৰথমে ১২ জন যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল। দুপৰীয়া ৩ বাজি ০৯ মিনিটলৈকে আহতসকলৰ কেইবাজনৰো মৃত্যু হোৱাত মৃতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পায়। শেহতীয়া তথ্য অনুসৰি দুৰ্ঘটনাটোত ২৩ জনৰ মৃত্যু হৈছে।
আহতসকলক চিকিৎসাৰ বাবে বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে, অধিক চিকিৎসাৰ বাবে সাতজন আহত যাত্ৰীক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দুৰ্ঘটনাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। বিধ্বস্ত ট্ৰেভেলাৰখনৰ ভিতৰত কেইবাজনো যাত্ৰী আবদ্ধ হৈ পৰিছিল বুলি জানিব পৰা গৈছে। ট্ৰেভেলাৰখন নগাঁও-গোলাঘাট পথত চলাচল কৰা এম পি ট্ৰেভেলছৰ আছিল। চালকজনক মুজিদ আৰু সহকাৰীজনক শুভ বুলি চিনাক্ত কৰা হৈছে।