কাজিৰঙাৰ ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ২৩জন লোকৰ মৃত্যু হৈছে।
কাজিৰঙা, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত মৃতকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে।
এইপৰ্যন্ত কঁহৰা চিকিৎসালয়ত ১৬টা আৰু বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ৭টা মৃতদেহ ৰখা হৈছে।
আহতসকলক কঁহৰা চিকিৎসালয় আৰু বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।
দুৰ্ঘটনাত ট্ৰেভেলাৰখনৰ চালক আব্দুল মজিদৰ ঘটনাস্থলীতে মৃত্যু হয়।
newznow.in