কাজিৰঙা, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত মৃতকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। সংকটজনক অৱস্থাত থকা কেইবাজনো আহতৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এইপৰ্যন্ত কঁহৰা চিকিৎসালয়ত ১৬টা আৰু বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ৭টা মৃতদেহ ৰখা হৈছে। গোলাঘাট জিলা প্ৰশাসনৰ তথ্য অনুসৰি, নিশাই মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে।

আহতসকলক কঁহৰা চিকিৎসালয় আৰু বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। অতি সংকটজনক অৱস্থাত থকা কেইবাজনো লোকক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাত ট্ৰেভেলাৰখনৰ চালক আব্দুল মজিদৰ ঘটনাস্থলীতে মৃত্যু হয়। বাহনখনৰ হেণ্ডিমেনৰো মৃত্যু হৈছে। পুৱা নগাঁৱৰ ডিমৰুগুৰিস্থিত ব্লুমিংটন ছাৰ্ভিচৰ পৰা খালী বাহন লৈ এম পি ট্ৰেভেলছৰ ট্ৰেভেলাৰখন ওলাই গৈছিল। গোলাঘাটৰ পৰা উভতি অহাৰ সময়ত বাহনখন যাত্ৰীৰে ভৰি আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে।

প্ৰাথমিকভাৱে প্ৰকাশ পোৱা তথ্য অনুসৰি, কণ্টেইনাৰখন নিজৰ দিশেৰে আহি থকাৰ সময়তে ট্ৰেভেলাৰখনে ভুল দিশেৰে গৈ খুন্দা মাৰে। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্ধাৰিত গতিসীমা থকাৰ পাছতো ট্ৰেভেলাৰখন অত্যধিক বেগত চলিছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে স্থানীয় প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে।