ৰঙাজানৰ শোকাৱহ দুৰ্ঘটনাৰ পাছত ট্ৰেভেলাৰখনৰ অত্যধিক গতিবেগকে ধৰি একাধিক ট্ৰেফিক নিয়ম উলংঘাৰ তথ্য পোহৰলৈ আহিছে।
কাজিৰঙা: ৰঙাজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ পাছত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ বিৰুদ্ধে পূৰ্বৰ একাধিক ট্ৰেফিক নিয়ম উলংঘাৰ তথ্য পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ৩ মাৰ্চত যোৰহাটত ট্ৰেভেলাৰখনক ৪ হাজাৰ টকাৰ জৰিমনা কৰা হৈছিল।
ইয়াৰ পূৰ্বে ২০২৫ চনৰ ২২ আগষ্টত কাজিৰঙাত অত্যধিক গতিত বাহন চলোৱাৰ বাবে ট্ৰেভেলাৰখনক ৪ হাজাৰ টকাৰ জৰিমনা কৰা হৈছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে নিৰ্ধাৰিত গতিসীমা উলংঘা কৰি ঘণ্টাত ৬২ কিলোমিটাৰ বেগত বাহন চলোৱাৰ বাবেও ট্ৰেভেলাৰখনক পূৰ্বে জৰিমনা কৰা হৈছিল।
newznow.in