কাজিৰঙা: ৰঙাজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ পাছত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ বিৰুদ্ধে পূৰ্বৰ একাধিক ট্ৰেফিক নিয়ম উলংঘাৰ তথ্য পোহৰলৈ আহিছে। অত্যধিক গতিত বাহন চলোৱাৰ অভিযোগত পূৰ্বেও কেইবাবাৰো বাহনখনক জৰিমনা কৰা হৈছিল।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ৩ মাৰ্চত যোৰহাটত ট্ৰেভেলাৰখনক ৪ হাজাৰ টকাৰ জৰিমনা কৰা হৈছিল। বৰ্তমানেও বাহনখনৰ নামত ৪ হাজাৰ টকাৰ জৰিমনা অনাদায় হৈ আছে।
ইয়াৰ পূৰ্বে ২০২৫ চনৰ ২২ আগষ্টত কাজিৰঙাত অত্যধিক গতিত বাহন চলোৱাৰ বাবে ট্ৰেভেলাৰখনক ৪ হাজাৰ টকাৰ জৰিমনা কৰা হৈছিল। একে বছৰৰ ছেপ্টেম্বৰ মাহতো গতিবেগজনিত নিয়ম উলংঘাৰ বাবে বাহনখন পুনৰ জৰিমনাৰ সন্মুখীন হৈছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে নিৰ্ধাৰিত গতিসীমা উলংঘা কৰি ঘণ্টাত ৬২ কিলোমিটাৰ বেগত বাহন চলোৱাৰ বাবেও ট্ৰেভেলাৰখনক পূৰ্বে জৰিমনা কৰা হৈছিল।
ৰঙাজানৰ দুৰ্ঘটনাৰ পাছত বাহনখনৰ পূৰ্বৰ নিয়ম উলংঘাৰ এই তথ্যক লৈ নতুনকৈ চৰ্চা আৰম্ভ হৈছে।