কাজিৰঙাৰ ৰঙাজানত পথ দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালক কমেও ২৫ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অখিল গগৈয়ে।
গুৱাহাটী, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালক কমেও ২৫ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল…
সামাজিক মাধ্যমযোগে এক বিবৃতি প্ৰকাশ কৰি বিধায়কগৰাকীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
ইয়াৰ সমান্তৰালকৈ জখলাবন্ধাৰ পৰা নুমলীগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ শোচনীয় অৱস্থাক লৈও উদ্বেগ প্ৰকাশ কৰে অখিল গগৈয়ে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলে এই পথেৰেই যাতায়াত কৰিবলগীয়া হয় বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে পথছোৱাৰ দুৰৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
newznow.in