গুৱাহাটী, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালক কমেও ২৫ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
সামাজিক মাধ্যমযোগে এক বিবৃতি প্ৰকাশ কৰি বিধায়কগৰাকীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ ২৫ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
ইয়াৰ সমান্তৰালকৈ জখলাবন্ধাৰ পৰা নুমলীগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ শোচনীয় অৱস্থাক লৈও উদ্বেগ প্ৰকাশ কৰে অখিল গগৈয়ে। পথছোৱাক ‘মৃত্যুৰ ফান্দ’ আখ্যা দি ইয়াৰ জৰাজীৰ্ণ অৱস্থাই অসমৰ ভাবমূৰ্তিত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি তেওঁ মন্তব্য কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলে এই পথেৰেই যাতায়াত কৰিবলগীয়া হয় বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে পথছোৱাৰ দুৰৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। জখলাবন্ধা-নুমলীগড় পথছোৱাৰ তাৎক্ষণিক মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ দাবী জনায়।
উল্লেখ্য যে, ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ বাহনৰ সংঘৰ্ষত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা, যান-বাহনৰ সুৰক্ষা আৰু পথ নিৰ্মাণৰ মানক লৈ নতুনকৈ চৰ্চা আৰম্ভ হৈছে।