মণিপুৰৰ উখৰুল জিলাৰ নিউ হেভেন অঞ্চলত সন্দেহভাজন উগ্ৰপন্থীৰ গুলীচালনাত দুগৰাকী মহিলাসহ চাৰিগৰাকী লোক নিহত হৈছে।
ইম্ফল, ১৩ নৱেম্বৰ: মণিপুৰৰ উখৰুল জিলাত সন্দেহভাজন উগ্ৰপন্থীয়ে দুখন বাহনক লক্ষ্য কৰি গুলীচালনা কৰাত চাৰিগৰাকী লোক নিহত হৈছে।
শুকুৰবাৰে ইম্ফল-উখৰুল পথৰ নিউ হেভেন অঞ্চলত এই ঘটনা সংঘটিত হয়।
আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, দুৰ্বৃত্তৰ দলটোৱে দুখন চাৰিচকীয়া বাহনত থকা যাত্ৰীসকলক লক্ষ্য কৰি গুলীচালনা কৰে।
পাছত বাহন দুখনৰ সন্মুখৰ কাঁচত গুলীৰ আঘাতৰ চিন পোৱা যায়।
newznow.in