ইম্ফল, ১৩ নৱেম্বৰ: মণিপুৰৰ উখৰুল জিলাত সন্দেহভাজন উগ্ৰপন্থীয়ে দুখন বাহনক লক্ষ্য কৰি গুলীচালনা কৰাত চাৰিগৰাকী লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত দুগৰাকী পুৰুষ আৰু দুগৰাকী মহিলা আছে।
শুকুৰবাৰে ইম্ফল-উখৰুল পথৰ নিউ হেভেন অঞ্চলত এই ঘটনা সংঘটিত হয়।
আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, দুৰ্বৃত্তৰ দলটোৱে দুখন চাৰিচকীয়া বাহনত থকা যাত্ৰীসকলক লক্ষ্য কৰি গুলীচালনা কৰে। গুলীচালনাত বাহন দুখনৰ আটাইকেইগৰাকী আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয়।
পাছত বাহন দুখনৰ সন্মুখৰ কাঁচত গুলীৰ আঘাতৰ চিন পোৱা যায়। অৱশ্যে আক্ৰমণৰ আঁৰত কোন জড়িত আৰু কি উদ্দেশ্যেৰে এই আক্ৰমণ সংঘটিত কৰা হ’ল, সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই।
ইয়াৰ এদিন পূৰ্বে মণিপুৰৰ কাংপকপি জিলাৰ টাফৌ কুকি গাঁৱৰ সমীপত দুটা সশস্ত্ৰ গোটৰ মাজত হোৱা গুলীয়াগুলীত এগৰাকী ৪২ বছৰীয়া কুকি মহিলাৰ মৃত্যু হৈছিল। সেই ঘটনাত আন দুগৰাকী পুৰুষো গুলীবিদ্ধ হৈছিল।
মণিপুৰত ২০২৩ চনৰ মে' মাহত আৰম্ভ হোৱা মেইটেই-কুকি জনগোষ্ঠীগত সংঘাতৰ পাছতো ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলসমূহত মাজে-সময়ে হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে।