লখিমপুৰৰ বগীনদীৰ ১ নং আৰু ২ নং পিজিআৰৰ ১৯ বিঘা ভূমিত উচ্ছেদ অভিযান চলাই প্ৰশাসনে মছজিদ, পকী ঘৰকে ধৰি বিভিন্ন নিৰ্মাণ ভাঙি পেলায়।
লখিমপুৰ জিলাৰ বগীনদীৰ ১ নং আৰু ২ নং পিজিআৰৰ ১৯ বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলায়।
অভিযোগ অনুসৰি, ১৩২টা পৰিয়ালৰ ৭০৪জনে অঞ্চলটোত বেদখল কৰি পকী ঘৰ, মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণ কৰাৰ লগতে তামোলবাৰী স্থাপন কৰিছিল।
বহুদিন ধৰি অঞ্চলটোত বেদখল চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰী পিজিআৰ আৰু ভিজিআৰ ভূমিত কোনো ধৰণৰ বেআইনী নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব।
newznow.in