লখিমপুৰ জিলাৰ বগীনদীৰ ১ নং আৰু ২ নং পিজিআৰৰ ১৯ বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলায়। বেদখলৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ অংশ হিচাপে এই অভিযান চলোৱা হয়।
অভিযোগ অনুসৰি, ১৩২টা পৰিয়ালৰ ৭০৪জনে অঞ্চলটোত বেদখল কৰি পকী ঘৰ, মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণ কৰাৰ লগতে তামোলবাৰী স্থাপন কৰিছিল। অভিযানত মছজিদ, ঘৰকে ধৰি বিভিন্ন নিৰ্মাণ ভাঙি পেলোৱা হয়।
বহুদিন ধৰি অঞ্চলটোত বেদখল চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। বেদখলকাৰীসকললৈ চৰকাৰে জাননী প্ৰেৰণ কৰাৰ পাছতো তেওঁলোকে ইয়াক গুৰুত্ব নিদিয়াত উচ্ছেদ অভিযান চলোৱা হয়।
জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰী পিজিআৰ আৰু ভিজিআৰ ভূমিত কোনো ধৰণৰ বেআইনী নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব। ৰঙাজান আৰু কয়লামাৰী বৰবিলৰ চৰকাৰী ভূমিতো উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা আছে।