কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ পৰিয়াললৈ ৭ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাৰ ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিহতসকলৰ পৰিয়াললৈ মুঠ ৭ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা…
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকা, ৰাজ্য চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা ২ লাখ টকা আৰু প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ প্ৰতিটো নিহতৰ পৰিয়ালে লাভ কৰিব।
দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা শীঘ্ৰে সম্পন্ন কৰিবলৈ গুৱাহাটী আৰু আন চিকিৎসালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসক ঘটনাস্থলীলৈ অনা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়।
আহতসকলৰ ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে।
newznow.in