গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাৰ ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিহতসকলৰ পৰিয়াললৈ মুঠ ৭ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকা, ৰাজ্য চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা ২ লাখ টকা আৰু প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ প্ৰতিটো নিহতৰ পৰিয়ালে লাভ কৰিব।
দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা শীঘ্ৰে সম্পন্ন কৰিবলৈ গুৱাহাটী আৰু আন চিকিৎসালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসক ঘটনাস্থলীলৈ অনা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। ইতিমধ্যে ১০টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। দুপৰীয়া ২ বজাৰ ভিতৰত সকলো মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। তাৰ পিছতে চৰকাৰী বাহনেৰে মৃতদেহসমূহ পৰিয়ালৰ ওচৰলৈ লৈ যোৱা হ'ব।
আহতসকলৰ ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে। ১০জনৰ অৱস্থা সুস্থিৰ যদিও ৬জন আই চি ইউত আৰু এজন ভেণ্টিলেটৰত আছে বুলি তেওঁ কয়। উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দল যোৰহাটত উপস্থিত হৈছে।
নিহতসকলৰ ভিতৰত এগৰাকী ব্যক্তিৰ পৰিচয় এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। তেওঁ বিহাৰৰ বাসিন্দা হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে বাকীসকলৰ পৰিচয় লাভ কৰা হৈছে বুলি জনায়।
দুৰ্ঘটনাৰ কাৰণৰ তদন্ত চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, কাজিৰঙা এলেকাত ঘণ্টাত ৪০ কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ নিয়ম থকাৰ বিপৰীতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখন ঘণ্টাত ১০০ কিলোমিটাৰতকৈ অধিক বেগত চলিছিল বুলি ভিডিঅ'ত দেখা গৈছে। চালকজনে কেনে পৰিস্থিতিত বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল, সেয়া তদন্ত কৰা হ'ব। চালকৰ হৃদৰোগ, ষ্ট্ৰোক বা ৰক্তত শৰ্কৰাৰ মাত্ৰা হঠাৎ কমি যোৱাৰ সম্ভাৱনাও পৰীক্ষা কৰা হ'ব।
ট্ৰেভেলাৰখনত অনুমোদিত আসনৰ তুলনাত অধিক যাত্ৰী কঢ়িওৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, বাহনখনত প্ৰায় ৪১গৰাকী যাত্ৰী আছিল। গতি নিয়ন্ত্ৰণ ব্যৱস্থা বিকল কৰা বা তাৰ তাঁৰ বিচ্ছিন্ন কৰাৰ দৰে অনিয়মৰ কথাও তদন্তত পৰীক্ষা কৰা হ'ব।
পথ দুৰ্ঘটনা ৰোধত যান-বাহন আইন কঠোৰভাৱে বলৱৎ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে অত্যধিক গতি, অতিৰিক্ত যাত্ৰী কঢ়িওৱা আৰু সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণত ৰাইজৰ সহযোগিতা বিচাৰে। তদন্ত, আহতসকলৰ চিকিৎসা আৰু নিহতসকলৰ পৰিয়ালক সাহায্য প্ৰদানৰ দায়িত্ব চৰকাৰে পালন কৰিব বুলিও তেওঁ জনায়।