অসম

কাছাৰত প্ৰায় ৬০ কোটি টকাৰ ইয়াবা টেবলেট জব্দ

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

কাছাৰ জিলাৰ বৰখলাৰ সমীপত ডাম্পাৰ ট্ৰাকত লুকুৱাই অনা প্ৰায় ৬০ কোটি টকা মূল্যৰ ইয়াবা টেবলেট জব্দ কৰি এজন লোকক আটক কৰা হৈছে।

২ / ৫

শিলচৰ, ১৪ নৱেম্বৰ: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলোৱা যৌথ অভিযানত কাছাৰ জিলাত প্ৰায় ৬০ কোটি টকা মূল্যৰ ইয়াবা টেবলেট জব্দ কৰিছে অসম ৰাইফলছ আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ শিলচৰ শাখাই।

৩ / ৫

শুকুৰবাৰে মিজোৰামৰ পৰা অসম অভিমুখে আহি থকা ডাম্পাৰ ট্ৰাকখন বৰখলাৰ সমীপত নিৰাপত্তাৰক্ষীৰ দলে ৰখাবলৈ চেষ্টা কৰে।

৪ / ৫

ট্ৰাকখনত তালাচী চলাই বাহনখনৰ ভিতৰত বিশেষভাৱে নিৰ্মাণ কৰা এটা কেবিনেটৰ ভিতৰত লুকুৱাই ৰখা ইয়াবা টেবলেট উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।

৫ / ৫

আটকাধীন লোকজন, জব্দ কৰা টেবলেট আৰু ডাম্পাৰ ট্ৰাকখন পৰৱৰ্তী তদন্ত আৰু আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ শিলচৰ শাখাৰ হাতত গতাই দিয়া হৈছে।

কাছাৰত প্ৰায় ৬০ কোটি টকাৰ ইয়াবা টেবলেট জব্দ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক