শিলচৰ, ১৪ নৱেম্বৰ: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলোৱা যৌথ অভিযানত কাছাৰ জিলাত প্ৰায় ৬০ কোটি টকা মূল্যৰ ইয়াবা টেবলেট জব্দ কৰিছে অসম ৰাইফলছ আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ শিলচৰ শাখাই। এখন ডাম্পাৰ ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰা হৈছে।

শুকুৰবাৰে মিজোৰামৰ পৰা অসম অভিমুখে আহি থকা ডাম্পাৰ ট্ৰাকখন বৰখলাৰ সমীপত নিৰাপত্তাৰক্ষীৰ দলে ৰখাবলৈ চেষ্টা কৰে। কিন্তু বাহনখনে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ বাধা এৰাই পলায়নৰ চেষ্টা কৰাত যৌথ দলটোৱে খেদি যায়। পিছত অভিযানকাৰী দলটোৱে ট্ৰাকখন ৰখাবলৈ সক্ষম হয়।

ট্ৰাকখনত তালাচী চলাই বাহনখনৰ ভিতৰত বিশেষভাৱে নিৰ্মাণ কৰা এটা কেবিনেটৰ ভিতৰত লুকুৱাই ৰখা ইয়াবা টেবলেট উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। জব্দ কৰা টেবলেটসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬০ কোটি টকা বুলি জানিব পৰা গৈছে।

আটকাধীন লোকজন, জব্দ কৰা টেবলেট আৰু ডাম্পাৰ ট্ৰাকখন পৰৱৰ্তী তদন্ত আৰু আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ শিলচৰ শাখাৰ হাতত গতাই দিয়া হৈছে। ঘটনাটোৰ সৈতে জড়িত সৰবৰাহ নেটৱৰ্ক আৰু নিষিদ্ধ সামগ্ৰীসমূহৰ উৎস সন্দৰ্ভত তদন্ত অব্যাহত আছে।