অসম

কাজিৰঙাৰ দুৰ্ঘটনাত ২৬ নিহতৰ মাজত বিহাৰৰো এজন

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ ভিতৰত বিহাৰৰ ৩৮ বছৰীয়া মহম্মদ ৰফিক আলীও আছে।

২ / ৫

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ ভিতৰত বিহাৰৰ এজন ৩৮ বছৰীয়া লোকো আছে।

৩ / ৫

গোলাঘাট জিলা প্ৰশাসনৰ তথ্য অনুসৰি, এতিয়ালৈকে ২৩গৰাকী নিহতৰ পৰিচয় নিশ্চিত কৰা হৈছে।

৪ / ৫

উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা আহতসকলৰ ভিতৰত দুগৰাকীৰ পাছত মৃত্যু হয়।

৫ / ৫

অতিৰিক্ত জিলা আয়ুক্ত জিন্তু বৰাই জনোৱা মতে, নিহতসকলৰ ভিতৰত নগাঁও জিলাৰ ৯গৰাকী আৰু কাৰ্বি আংলং জিলাৰ এগৰাকী লোক আছে।

কাজিৰঙাৰ দুৰ্ঘটনাত ২৬ নিহতৰ মাজত বিহাৰৰো এজন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক